কামপুৰত ৰেল বিভাগৰ অমনোযোগিতা আৰু পৌৰসভাৰ অকমণ্যতা ৰ ফল ভুগিছে ৰাইজে ৷ উন্নয়নৰ নামত মাত্ৰ চমক সৃষ্টিত ব্যস্ত বিজেপি নেতৃত্বতাধীন পৌৰসভা খনৰ নাই কোনো বিঙ্গান সন্মত পৰিকল্পনা ৷ ইয়াৰ ফলত মাত্ৰ এজাক বৰষুৃতে আজি

ৰেল ষ্টেচনৰ সন্মুখত উৰণীয়া সেঁতুৰ দুয়োকাষে ৰাস্তাত একাঠু একাঠু পানী ৷ দীৰ্ঘদিন ধৰি ৰাইজে সন্মুখীন হোৱা এই সমস্যা সমাধানৰ ক্ষেত্ৰত কামপুৰ পৌৰসভা ৰ লগতে স্থানীয় বিধায়ক জনেও সম্পূৰ্ণ উদাসীন হৈ আছে ৷ ৰাইজৰ মনত প্ৰশ্ন হৈছে আৰু কিমান দিনলৈ ভুগিব লাগিব এই যমৰ যন্ত্ৰণা ৷


