8.6 C
New York
Tuesday, April 7, 2026

Buy now

spot_img

ৰাজনীতি বাদ দিব নেকি গিৰিশংকৰ গোস্বামীয়ে

ৰাইজৰ দল গঠনৰ সময়ত অখিল গগৈকে ধৰি যি ৯জন মুখ্য আহ্বায়কে দলটো গঠনৰ সময়ত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল তেওঁলোকৰ অন্যতম গিৰিশংকৰ গোস্বামী বিগত তিনিমাহ ধৰি সক্ৰিয় ৰাজনীতিৰ পৰা

আঁতৰি আছে৷বৰ্তমান ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ সদস্য দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ শেহতীয়া ৰাজনৈতিক নীৰৱতাই সমাগত ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত ৰাজনৈতিক সমীকৰণ সলনি কৰিব পাৰে৷এসময়ত অখিল গগৈৰ ঘনিষ্ঠ ৰূপে পৰিচিত বঢ়মপুৰ সমষ্টিৰ সম্ভাৱনাময় নেতাগৰাকীৰ একাধিক ঘনিষ্ঠই ইতিমধ্যে ৰাইজৰ দল ত্যাগ কৰাৰ পাছত বঢ়মপুৰৰ ভোটাৰৰ বাবে গোস্বামীৰ ৰাজনৈতিক নীৰৱতা বঢ়মপুৰৰ ৰাজনীতিত নতুন ধুমুহা সৃষ্টিৰ বাবে যথেষ্ট বুলি সমষ্টিৰ ভোটাৰৰ মাজত চৰ্চা হৈছে৷গোস্বামীৰ ঘনিষ্ঠ ৰূপে পৰিচিত ভাস্কৰ বৰাই ৰাইজৰ দল এৰি শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰাৰ ঘটনাই বঢ়মপুৰৰ ৰাজনীতিত ইতিমধ্যে চৰ্চাৰ বিষয়ত পৰিনত হৈছে৷গিৰিশংকৰ গোস্বামীৰে ঘনিষ্ঠ আন এজন নেতা বেদান্ত লস্কৰ যি কৃষকমুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আৰু ৰাইজৰ দলৰ উপসভাপতিৰ দায়িত্বত থকাৰ পাছতো দলৰ বেনাৰত নহয় ব্যক্তিগতভাৱে বঢ়মপুৰৰ ৰাজনীতিত সক্ৰিয়হৈ পৰা ঘটনাই সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰাজু বৰাৰ দুঃচিন্তা বঢ়াইছে৷ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ ৮ তাৰিখৰ সভা আৰু ১১ তাৰিখে ৰাইজৰ দলৰ নগাঁও জিলা সমিতি গঠনৰ সভাত গিৰিশংকৰ গোস্বামীৰ অনুপস্থিতিয়ে ৰাইজৰ দলৰ নেতা কৰ্মী সকলকো  হতাশ কৰিছে ৷ এই সম্পৰ্কে গিৰিশংকৰ গোস্বামীৰ

সৈতে The News Line তেওঁৰ পক্ষ জানিবৰ বাবে যোগাযোগ কৰিছিল যদিও তেওঁ শাৰীৰিক অসুস্থতাৰ কথা কৈ মন্তব্য দিয়াৰ পৰা আঁতৰি থাকে ৷ কিন্তু গোস্বামীৰ ঘনিষ্ঠ এটা সূত্ৰই দাবী কৰে যে – গিৰিশংকৰ গোস্বামীয়ে ২০২৬ ৰ নিৰ্বাচনকলৈ বিৰোধী দলবোৰৰ ৰাজনীতিকলৈ মুঠেই সন্তুষ্ট নহয়৷ বিৰুদ্ধীৰ শেহতীয়াকৈ বঢ়মপুৰ সমষ্টিত কংগ্ৰেছৰ নেতা ৰঞ্জিত বৰাই দলটোৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিবলৈ যত্ন কৰিছে ৷ শিৱ পাৰ্বতীৰ বাটৰ নাট কৰি চৰ্চালৈ আহা বিৰিঞ্চি বৰাই নাগৰিক সমাজৰ বোকোচাত উঠি ড°হীৰেণ গোঁহাইক ব্যৱহাৰ কৰি বঢ়মপুৰ সমষ্টিৰ টিকট পোৱাৰ চেষ্টা চলাই থকাৰ সময়ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপে অনুপ লস্কৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰৰ নামো চৰ্চাত আছে ৷ ইয়াৰ বিপৰীতে ৰাইজৰ দল আৰু দলটোৰ চৰ্চিত প্ৰাৰ্থী ৰাজু বৰা সাংগঠনিক আৰু প্ৰচাৰৰ দিশৰ পৰা নিষ্ক্ৰীয় হৈ আছে  ৷তেনে এক প্ৰেক্ষাপটত বিভাজিত বিৰোধীয়ে বঢ়মপুৰ সমষ্টিত বিজেপিক পৰাজিত কৰিব পাৰিবনে?বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনকলৈ ভাস্কৰ বৰা , বেদান্ত লস্কৰ ,পৰাগ লস্কৰ, বিশ্ব দাস নেতাৰ স্থিতি স্পষ্ট নহয় যদিও বিজেপিৰ প্ৰাৰ্থীৰ সন্মুখত সকলো বিৰোধী দলে ঐক্যবদ্ধহৈ এজন প্ৰাৰ্থী থিয় কৰোৱাটো তেওঁলোকে বিচাৰে ৷ গিৰিশংকৰ গোস্বামীয়েও শেহতীয়াকৈ এক সাক্ষাৎকাৰত বঢ়মপুৰত বিজেপিক পৰাজিত কৰিবৰ বাবে ঐক্যবদ্ধ বিৰোধীৰ এজন উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰিছে ৷ বঢ়মপুৰৰ ভোটাৰ জিতু গোস্বামীৰ কাম কাজকলৈ অসন্তুষ্ট৷বিজেপিৰ বিৰুদ্ধে সমষ্টিটোত পৰিবৰ্তনৰ ইংগিত দিছে কিন্তু বিৰোধী নেতা সকলে ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰিব নোৱাৰিলে বিজেপিক পৰাজিত কৰাটো সহজ নহব  ৷গতিকে বিৰোধী দলৰ নেতা সকলৰ কাম কাজ বঢ়মপুৰৰ ভোটাৰে গুৰুত্ব সহকাৰে লক্ষ্য কৰিছে ৷

আনুষংগিক খবৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

তাজা খোবৰ